Local, Vocal, Global

হাজোত বানৰ ভয়ংকৰ ৰূপ,দুজনৰ সলিল সমাধি

হাজোত ভয়ংকৰ ৰূপ লৈছে বানে। ব্ৰহ্মপুত্ৰৰ লগতে পুঠিমাৰী আৰু বৰলীয়া নৈৰ বাঢ়নী পানীয়ে হাজোৰ বিস্তৃত অঞ্চল ডুবাই পেলোৱাৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে আজিৰ দিনটোত দুটাকৈ শোকাৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ হাজো । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত হাজোৰ নিকটৱৰ্তী লাহৰ বাবুল কলিতা নামৰ এজন লোকৰ সলিল সমাধি ঘটে। পিছত স্থানীয় লোক তথা প্ৰশাসনৰ সহযোগত লোক জনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

আনহাতে হাজোৰ আধিয়াৰপাৰা গাঁওত চাইনুল হক নামৰ এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ বানপানীত ভুৰেৰে গৈ থকা অৱস্থাত পানীত পৰি মৃত্যু হয়। ভুৰেৰে ঘৰলৈ গৈ থকা অৱস্থাত ভুৰৰ পৰা পিছলি পৰি সলিল সমাধি ঘটে।দুটাকৈ দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।।