হাওৰাঘাটত ৬০ গৰাকী বি জে পি কৰ্মী কংগ্ৰেছ দলত যোগদান
নিউজ ডেস্ক,১০ ফ্ৰেব্ৰুৱাৰীঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মণ্ডল কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনত আয়োজন এখন যুটীয়া বৰ্ধিত সভাত বৃহস্পতি বাৰে হাওৰাঘাট তিনি আলিৰ নিবাসী নয়ন ব্ৰহ্মৰ নেতৃত্বত বড়ো বঙালীকে ধৰি ৬০ গৰাকী বি জে পি কৰ্মী কংগ্ৰেছ দলত যোগদান কৰে ৷ মণ্ডল কংগ্ৰেছৰ সভাপতি দেউৰী লেকথেৰ সভাপতিত্বত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰসিং ইংতি উপস্থিত থাকে। জিলা কংগ্ৰেছৰ উপ সভাপতি ৰাজেন বৰাৰ উপৰিও বহু কেইগৰাকী দলীয় শীৰ্ষ বিষয় ববীয়াই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ শেষত কাৰ্যবাহী সদস্য নয়ন ব্ৰহ্মই বি জে পিৰ দিনত খনসিং ৰংপিয়ে কোনো ধৰনৰ উন্নয়ন কৰিব পৰা নাই বুলি মত পোষণ কৰে। এতিয়া বড়ো ৰাইজৰ লগতে সকলো ৰাইজে বুজি উঠিছে যে বিজেপি য়ে কোনো উন্নয়ন কৰিব পৰা নাই কাৰ্বি আংলঙত। সেয়েহে অনাগত সময়ত বহু ৰাইজে কংগ্ৰেছলৈ ঢাপলি মেলিব বুলি মত আগবঢ়াই সংবাদিকৰ সন্মুখত কয় ৷ এই সভাত ব্লক ” মণ্ডল মহিলা কংগ্ৰেছ ” আৰু জিলা কংগ্ৰেছৰ বহু নেতাই অংশ গ্ৰহণ কৰে ৷