Local, Vocal, Global

সোমবাৰে মহানগৰীৰ ছাত্ৰীবাৰীত গুলীবিদ্ধ ব্যৱসায়ী আদেশ যাদৱ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : মহানগৰীৰ ছাত্ৰীবাৰীত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী আদেশ যাদৱ । অৱশেষত গুলীবিদ্ধ আদেশ যাদৱে মাৰোৱাৰী মেটাৰনিটি চিকিৎসালয়ত মৃত্যুক আঁকোৱালি ল’য়।

এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও বহু কেইটা ক্লু লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই আদেশ যাদৱক হত্যা কৰিছে। 

উল্লেখযোগ্য যে ৫ বছৰ পূৰ্বে গাঁৱৰ ৰাজনীতি আৰু মাটি–বাৰীৰ সংঘাতৰ বাবে আদেশ যাদৱৰ ভাতৃক মিথিলেশক গুলীয়াই হত্যা কৰা হৈছিল। নিজ গাঁৱতে দুৰ্বৃত্তই হত্যা কৰিছিল আদেশৰ ভাতৃ মিথিলেশ যাদৱক ।

আদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে পল্টন বজাৰ আৰক্ষী থানাত 105/22 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। আনহাতে, আৰক্ষীয়ে ছিপাঝাৰৰ পৰা ৩জন লোকক আটক কৰিছে আৰু ইয়াৰ ভিতৰত এজন হত্যাকাণ্ডত ব্যৱহাৰ হোৱা বাইকখনৰ গৰাকী। বাইকৰ গৰাকী আব্বাছ আলীৰ লগতে ইছমাইল আলী আৰু আকাশ আলী নামৰ আন দুজনক আটক কৰিছে আৰক্ষীয়ে।