সোণৰ অসম গঢিব লাগিব , বোপাই বুলি ক’লে অখিল গগৈৰ মাতৃয়ে …
শিৱসাগৰবাসীয়ে কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে । ২০২১ ৰ নিৰ্বাচনত নৱগঠিত ৰাজনৈতিক দলটোৱে মাএ এখন আসন লাভতে সন্তুষ্ট থাকিবলগীয়া হয় যদিও দলটোৰ সভাপতিৰ এই বিজয়ত কৰ্মকৰ্তাসকল আৰু শিৱসাগৰবাসী যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে। অখিল গগৈৰ বিজয়ৰ পাছতে তেওঁৰ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ৰাইজে জিকাইছে অখিল গগৈক । এয়া সম্ভব হৈছে ৰাইজৰ মৰম আৰু আৰ্শীবাদৰ বাবে । সকলোৰে সৈতে মিলি অসমখন আগুৱাই নিব লাগিব আৰু সোণৰ অসম গঢিব লাগিব বোপাই বুলি জিকাৰ পাছত অখিল গগৈৰ মাতৃয়ে কয়। উল্লেখযোগ্য যে , কাৰাৰুদ্ধ অখিল গগৈৰ হৈ নিৰ্বাচনত ব্যাপক প্ৰচাৰত নামিছিল তেওঁৰ মাতৃ ।ৰুগ্ন শৰীৰেৰে তেওঁ ব্যাপক প্ৰচাৰ চলাইছিল পুএৰ বাবে। শিৱসাগৰত অখিল গগৈৰ হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহুলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।