Website Design: dastechnologies.in
সাৱধান ! মহানগৰীত লকডাউনৰ সুযোগ লৈ সক্ৰিয় হৈ উঠিছে চোৰৰ দল ! সুযোগৰ সন্ধানত কেউদিশে পিনপিনাই ফুৰিছে চোৰ।শেহতীয়াকৈ নতুনকৈ লকডাউন ঘোষণাৰ পিচত মহানগৰীৰ মালিগাঁৱত একাধীক দোকানত চোৰে চলালে চাফাই অভিযান।অঞ্চলটোৰ প্ৰতিষ্ঠিত মিত্ৰ ইলেক্ট্ৰিকেল ৱৰ্কছ আৰু পুজা ইলেক্ট্ৰিকেল বেটেৰী হাউচ নামৰ ব্যৱসায় প্ৰতিষ্ঠান দুটাত একে নিশাই চোৰে লুন্ঠন চলাই লৈ গ’ল কেবা লক্ষাধীক টকাৰ সামগ্ৰী।লকডাউনৰ শংকাপুৰ্ণ পৰিস্থিতিৰ মাজতে চোৰৰ উপদ্ৰৱে এতিয়া নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ।।