সাপ ৰান্ধি খুৱালে কণ কণ শিশুক

সঁচাকৈয়ে আজৱ কাণ্ড৷ সাপৰ মঙহ খাবলগীয়া হ’ল কণ কণ শিশুৱে৷ ছাত্ৰৰ বাবে প্ৰস্তুত কৰা মধ্যহ্ন ভোজনৰ খাদ্যৰ সৈতে সাপ বিলাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ ইতিমধ্যে এই খাদ্য খাই বহু শিশু অসুস্থ হৈছে। পশ্চিমবংগৰ বীৰভূমৰ ময়ূৰেশ্বৰৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছিল এই কাণ্ড। সাপ ৰান্ধি খুওৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষী-প্ৰশাসনিক বিষয়াই ঘটনাৰ তদন্ত কৰা আৰম্ভ কৰিছে৷
বীৰভূমৰ ময়ূৰেশ্বৰৰ দশপলা গ্ৰাম পঞ্চায়তৰ মণ্ডলপুৰ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে মধ্যাহ্ন ভোজন ৰন্ধা হৈছিল। স্কুলৰ কণ কণ শিশুক দুপৰীয়া আহাৰ বিতৰণ কৰি দিয়া হয়। খাদ্য খোৱাৰ কেইমিনিটমানৰ ভিতৰতে বহু শিশু অসুস্থ হৈ পৰে। কেইবাটাও শিশুৱে বমি কৰিবলৈ ধৰে। খবৰটো পোৱাৰ পিছত অভিভাৱকসকল বিদ্যালয়ত উপস্থিত হৈ দাইলত এটা সাপ উদ্ধাৰ কৰে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিমাই চন্দ্ৰ দেক গাওঁবাসীয়ে প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যদিও একাংশ লোকে ৰক্ষা কৰে৷ ময়ূৰেশ্বৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ৩০ শিক্ষাৰ্থীক ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷
অভিভাৱকে অভিযোগ কৰি কয় যে খাদ্যত সাপ উদ্ধাৰ হয় আৰু খোৱাসকলে বমি কৰি অসুস্থ হয়। বিদ্যালয়ত মধ্যাহ্ন ভোজন ৰন্ধা ৰান্ধনি ঘৰটো জংঘলত থকাৰ লগতে অপৰিষ্কাৰ আছিল। ৰন্ধাৰ সময়তে সাপটো দাইলত পৰাৰ সন্দেহ কৰা হৈছে। ময়ূৰেশ্বৰ দ্বিতীয় খণ্ডৰ শিক্ষা বিষয়া দীপঞ্জন জনে কয়ে যে মধ্যাহ্ন ভোজনত সমস্যা আছে। আমি বিষয়টোক লৈ অনুসন্ধান কৰি আছো। শিশুসকল সুস্থিৰ অৱস্থাত আছে। বিষয়টোৰ তদন্তৰ বাবে তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে।