Local, Vocal, Global

সাপে দংশন কৰিলে বজৰঙ্গী ভাইজানক

বলিউদৰ চুপাৰষ্টাৰ ছলমান খানক পুৱতি নিশা দংশন কৰিলে এটা সাপে। পুৱতি নিশা প্ৰায় ৩ বজাত তেঁওৰ পানভেল ফাৰ্মহাউচত দংশন কৰে। ইয়াৰ পিছতে লগে লগে তেঁওক মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসা গ্ৰহণ কৰাৰ পিছতে আজি পুৱাই তেঁওক ডিচাৰ্জ কৰোৱা হয়। তাৰপিছতে অভিনেতাজন পুনৰ ফাৰ্মহাউচলৈ উভতি আহে। খবৰ অনুসৰি সাপটো বিষাক্ত নাছিল।