Local, Vocal, Global

সংৰক্ষণ কাৰো মৌলিক অধিকাৰ নহয়, NEET ৰ বাবে সংৰক্ষণ গোচৰত গুৰুত্বপূৰ্ণ স্থিতি সৰ্বোচ্চ ন্যায়ালয়ৰ

সংৰক্ষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। আদালতৰ মন্তব্য সংৰক্ষণ কাৰো মৌলিক কিম্বা প্ৰাথমিক অধিকাৰ নহয়। আজি এক আবেদনৰ শুনানী গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে এই গুৰুত্ত্বপূৰ্ণ মন্তব্য। তামিলনাডুত নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেনন্স টেষ্ট, NEET ত স্নাতকোত্তৰ মহলাৰ বাবে কেইবাটাও ৰাজনৈতিক দলে বিশেষকৈ মেডিকেল পাঠ্যক্ৰমত ৫০% আসন অ’ বি চিৰ বাবে সংৰক্ষণ বিচাৰি আবেদন কৰিছিল। এই আবেদনৰে আজি আছিল শুনানী প্ৰক্ৰিয়া। আবেদন তৰা ৰাজনৈতিক দল সমূহৰ ভিতৰত আছে ডি এম কে, এ আই ডি এম কে আৰু চি পি আই। শুনানী প্ৰক্ৰিয়াটোৰ মাজতে সৰ্বোচ্চ ন্যায়ালয়ৰ আবেদনকাৰী পক্ষৰ প্ৰতি প্ৰশ্ন- বিষয়টোৱে কাৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে? লগতে সংৰক্ষণ কাৰো মৌলিক কিম্বা প্ৰাথমিক অধিকাৰ নহয় বুলিও স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ে। তদুপৰি আবেদনকাৰী পক্ষক ন্যায়ালয়ে এই বুলিও কয় যে দেশৰ সামগ্ৰিক স্বাৰ্থক অৱজ্ঞা কৰি মাত্ৰ তামিলনাডুৰ কিছু সংখ্যক মানুহৰ স্বাৰ্থত তৰা হৈছে এই আবেদন।