Local, Vocal, Global

শিৱসাগৰৰ পৰা নিশ্চিত হ’ল অখিল গগৈৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চিত এটা অন্যতম সমষ্টি হৈছে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টি। তদুপৰি শিৱসাগৰ সমষ্টিত কোন দলৰ পৰা কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হ’ব তাক লৈ চলিছে বিশেষ চৰ্চা।

এই চৰ্চাৰ মাজতে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আজি ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা আজি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে গ্ৰহণ কৰিলে মনোনয়ন পত্ৰ। অখিল গগৈৰ হৈ ৰাইজৰ দলৰ সভাপতি মুনিন্দ্ৰ লাহন আৰু কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰ গোহাঁয়ে এই মনোনয়ন গ্ৰহণ কৰে। এই সন্দৰ্ভত কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰে কয় যে,“আজি ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈয়ে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে। মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে যেতিয়া তাত কোনো দ্বিমত নাই। অখিল গগৈয়ে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আগন্তুক সময়ত শিৱসাগৰ সমষ্টিয়ে এজন সংগ্ৰামী বিধায়ক লাভ কৰিব।” লগতে অখিল গগৈয়ে বিপুল ভোটৰ ব্যৱধানত শিৱসাগৰৰ পৰা জয়ী হ’ব বুলিও মন্তব্য কৰে কোঁৱৰে। লক্ষ্যণীয় যে,অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিষয়টোৱে অন্যান্য দলসমূহৰ প্ৰাৰ্থীসকলৰ বাবে যে প্ৰবল প্ৰত্যাহ্বান হ’ব সেয়া নিশ্চিত। এতিয়া শিৱসাগৰত হ’বলগীয়া এই নিৰ্বাচনৰ হাই ভল্টেজ মেচখনত কোনে শেষ হাঁহি মাৰিব সেয়া স্পষ্ট হৈ পৰিব অহা ২ মে’ত।