শিশু অধিকাৰ বিষয়ত আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ
ধুবুৰী,৮ ফ্ৰেব্ৰুৱাৰীঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিশু অধিকাৰ বিষয় সন্দৰ্ভত কোকৰাঝাৰ,দক্ষিণ শালমৰা,গোৱালপাৰা আৰু ধুবুৰী জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিশু কল্যাণৰ আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি ধুবুৰী জিলাৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যায়।
আয়োগৰ পৰামৰ্শদাতা দিব্যজ্যোতি শৰ্মাই আত ধৰা আৰু শিশু আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলেনেৰে উন্মোচন কৰা হয়। আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে আদৰণি ভাষণত শিশু অধিকাৰ সুৰক্ষা ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু আৰক্ষী বিভাগৰ কৰ্তব্যৰ বিষয়ে আলোকপাত কৰি প্ৰশিক্ষণ কাৰ্যসূচীলৈ উপস্থিত সকলোকে আদৰণি জনায়।আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাই তেখেতৰ মুখ্য ভাষণত বৰ্তমানৰ শিক্ষা,সুৰক্ষা পদ্ধতি আৰু প্ৰাচীন পদ্ধতিৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰি কয় যে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত শিশু সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু আৰক্ষী বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।আয়োগৰ আন এগৰাকী সদস্য অজয় কুমাৰ দত্তই তেখেতৰ ভাষণত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু শিশু অধিকাৰ সুৰক্ষা প্ৰণালীৰ বিষয়ে ব্যাখ্যা কৰে।
আনহাতে এই অনুষ্ঠানটিৰ প্ৰথম কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অঅিবক্তা কামৰুল হুছেইনে শিশু উৎপীড়ন প্ৰতিৰোধৰ বাবে আইনী সুৰক্ষা,কিশোৰ ন্যায় আইন, ২০১৫ আৰু যৌন অপৰাধ কৰা শিশুক ৰক্ষা আইন,২০১২ৰ বিভিন্ন ব্যৱস্থা ব্যাখ্যা কৰে।
উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত কোকৰাঝাৰ, দক্ষিণ শালমৰা,গোৱালপাৰা আৰু ধুবুৰী জিলাৰ পৰা প্ৰায় ১২০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু আৰক্ষী বিষয়া উপস্থিত থাকে।