শাক-পাচলি বিক্ৰী কৰিয়েই মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হ’ল প্ৰণালী ।
ডিজিটেল ডেস্ক : অসমৰ জীয়াৰী প্ৰণালীৰ সফলতা। দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে বুলি আকৌ এবাৰ প্ৰমাণ কৰিলে প্ৰণালীৰ সফলতাই।
শাক পাচলি বিক্ৰী কৰিয়েই পঢ়াৰ খা-খৰচ উলিওৱা মেধাৱী ছাত্ৰী গৰাকী অৱশেষত আসন লাভ কৰিলে মেডিকেল কলেজত।
মাকৰ সৈতে আবেলি ডেইলী বজাৰত শাক পাচলি বিক্ৰী কৰিয়েই পঢ়াৰ খা-খৰচ উলিওৱা প্ৰণালীয়ে NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আসন লাভ কৰিলে যোৰহাট মেডিকেল কলেজত ।
ইফালে, প্ৰণালীৰ শিক্ষা গুৰুৰ আহ্বান, প্ৰণালীক সহায় কৰক সকলোৱে। অন্যথা আসন লাভ কৰাৰ পাছতো চিকিৎসক হোৱাৰ সপোন সপোন হৈয়ে ৰব প্ৰণালীৰ ।
উল্লেখ্য যে ,১৯৯২ চনত বানত বিধ্বস্ত আৰু সৰ্বোচ্চ হেৰুওৱা এখন গাওঁৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল প্ৰণালী । আৰু সেই তাহানিৰ বাদল পথাৰ বৰ্তমান বিষ্ণুপুৰ গাঁৱৰ ভুগেন নেওগৰ জীয়াৰী প্ৰণালী।
ইফালে High school ত মাহিলী ফ্ৰিছ দিবলৈ অসমৰ্থ হোৱা ছাত্ৰী গৰাকীক ডিগবৈ RD college ত পঢ়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিলে তিনিচুকীয়া ইন্দাস্ত্ৰীয়েল ইউজাৰচ এচোছিয়েশ্যন নামৰ এটা মানৱ দৰদী সংগঠনে ।
এতিয়া জনজাতিৰ সংৰক্ষণ আসনত যোৰহাট মেডিকেল কলেজত আসন লাভ কৰিছে প্ৰণালীয়ে।প্ৰণালীৰ চিকিৎস্যক হোৱাৰ সপোন বাস্তৱ ৰূপলৈ ৰূপান্তৰ হওঁক ।
পুনৰ আগবাঢ়ি আহক ইন্দাস্ত্ৰীয়েল ইউজাৰচ এচোছিয়েশ্যনৰ দৰে মানৱ কল্যাণকামী সন্থা,আগবাঢ়ি আহক সমাজ সংগঠক, জাতীয় দল সংগঠন ।