Local, Vocal, Global

লোকসভাত উত্থাপন কৰিলে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

গুৱাহাটী,৩১ জানুৱাৰী: সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা উৎপাদন ৮ ৰ পৰা ৮.৫ শতাংশলৈ বৃদ্ধিৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে । এই পৰিমান ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে(NSO) গ্ৰহণ কৰা ৯.২ শতাংশ জিডিপি সম্প্ৰসাৰণ প্ৰকল্পৰ লগত তুলনা কৰা হৈছে ।

অৰ্থনৈতিক সমীক্ষা ২০২১-২২ ত বিভিন্ন অৰ্থনৈতিক খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰো বিৱৰণ দিয়া হৈছে ৷ সমীক্ষাত প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৩ শতাংশলৈ হ্ৰাস পাইছে । জৰীপটোৱে ভাৰতীয় অৰ্থনীতিৰ স্থিতিস্থাপকতা উন্নত কৰাৰ বাবে যোগান ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ৷উল্লেখ্য যে, বিত্তমন্ত্ৰীগৰাকীয়ে সোমবাৰে লোকসভাত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা উচ্চ সদনত উত্থাপন কৰা হ’ব ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ কৰা হয় সংসদৰ বাজেট অধিৱেশন ৷ এই বাজেট অধিৱেশনৰ প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় অংশ ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।