লুধিয়ানা আদালতৰ বিস্ফোৰণৰ সৈতে জড়িত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ
![](https://mynewsne.com/wp-content/uploads/2021/12/LUDHIANA-VLAST.jpg)
নিউজ ডেস্কঃ লুধিয়ানা আদালতৰ বিস্ফোৰণৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদী শিখচ ফৰ জাষ্টিচ (এছ এফ জে)ৰ এজন সদস্য জচবিন্দৰ সিং মূলতানিক সোমবাৰে জাৰ্মানীত গ্ৰেপ্তাৰ কৰা হয়। এজন আৰক্ষী বিষয়াৰ মতে, অনুসন্ধানৰ সময়ত পাকিস্তান আৰু জাৰ্মানীত বাস কৰা নিষিদ্ধ শিখ সংগঠনৰ দুজন ব্যক্তিক সন্দেহ কৰা হৈছে। চোৰাংচোৱা সংস্থাসমূহে বৰ্তমান পাকিস্তানত থকা সন্ত্ৰাসবাদী বব্বৰ খালছা, হৰবিন্দুৰ সিং সান্ধু, এছ এফ জেৰ সদস্য আৰু জাৰ্মানীত বাস কৰা গুৰুপতৱন্ত সিং পান্নুৰৰ সহযোগী জচবিন্দৰ সিং মূলতানিক লুধিয়ানা বিস্ফোৰণত জড়িত থকাৰ বিষয়ে অৱগত কৰিছিল।
উল্লেখ্য যে, জাৰ্মান আৰক্ষীয়ে পাঞ্জাৱৰ লুধিয়ানা বিস্ফোৰণৰ লগতে ভাৰতৰ অন্যান্য চহৰ আৰু দিল্লীত অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ বাবে এৰফুৰ্ট চহৰৰ পৰা মূলতানিক গ্ৰেপ্তাৰ কৰে। যিহেতু ২৩ ডিচেম্বৰত লুধিয়ানা আদালত চৌহদত এটা বোমা বিস্ফোৰণ সংঘটিত হৈছিল য’ত এজন নিহত আৰু দুজন আহত হৈছিল।