Local, Vocal, Global

লখিমপুৰত ডকাইতিৰ ঘটনা, ডকাইতে গুলীয়ালে ব্যৱসায়ীক দুৰ্বৃত্তই গুলীয়াই ব্যৱসায়ীৰ পৰা লুটিলে ২,৫২, ৭৫০টকা

লখিমপুৰত ডকাইতিৰ ঘটনা, ডকাইতে গুলীয়ালে ব্যৱসায়ীক
দুৰ্বৃত্তই গুলীয়াই ব্যৱসায়ীৰ পৰা লুটিলে ২,৫২, ৭৫০টকা

লখিমপুৰ জিলাৰ বিহপুৰীয়াত গুলী চালনাৰ ঘটনা৷ কোনো অজ্ঞাত লোকে গুলীয়াই গুৰুতৰভাৱে আহত কৰিলে ৰিজু দাস নামৰ ব্যৱসায়ী জনক৷ ঘটনা সংঘটিত কৰি পলায়ন কৰে দুৰ্বৃত্ত।

প্ৰাপ্ত খবৰ অনুসৰি বিহপুৰীয়া নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ নিবাসী গৌৰাঙ্গ দে ঘৰলৈ উভতাৰ পথত পূৰ্বৰে পৰা এখন মটৰ চাইকেলত ৰৈ থকা দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই গৌৰাঙ্গ দেৰ টকা ভৰ্তি বেগটো টনা-আজোৰা কৰে ৷ সহায় বিচাৰি লোকজনে চিঞৰ বাখৰ কৰে। সেই একে পথেৰে অহা ৰিজু দাস নামৰ লোক‌এজনে যুৱক দুজনক বাধা দিয়াত ৰিজু দাসক পিষ্টলেৰে গুলীয়াই টকা ভৰ্তি বেগটো লৈ দুৰ্বৃত্ত দুটাই পলায়ন কৰে। আহত ৰিজু দাসক উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা পিছত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে ডকাইতে লৈ যোৱা বেগত ২,৫২, ৭৫০টকা আছিল ৷ আনহাতে দুৰ্বৃত্তৰ গুলীত বুকুত আঘাত প্ৰাপ্ত হৈ ৰিজু দাস বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে যদিও বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷