Local, Vocal, Global

যোৰহাটত আৰক্ষী সঞ্চালক প্ৰধান, মব লিনছিঙৰ ক্ৰমবৰ্ধমান গতিত উদ্বিগ্নতা প্ৰকাশ

ৰাজ্যত ক্ৰমবৰ্ধমান মব লিনছিঙৰ ঘটনাক লৈ অতিকে উদ্বিগ্ন অসম আৰক্ষী। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি যোৰহাটত এক সংবাদমেল সম্বোধন কৰি মানুহৰ মানৱীয় মূল্যবোধৰ অৱনমিত গতিক লৈ প্ৰকাশ কৰিছে আশ্বৰ্য্য আৰু উদ্বিগ্নতা। শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা মব লিনছিঙৰ ঘটনা সন্দৰ্ভত তদন্ত সঠিক দিশ আৰু গতিৰে আগবঢ়া বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয় যে লকডাউন নোহোৱা হ’লে টীয়কৰ ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ তদন্তৰ ফলাফল ইমানদিনে প্ৰকাশ পালেহেঁতেন। আনহাতে মৰিয়নিৰ গাভৰু বাগিচাত অনুৰূপ ঘটনাৰ বলি হোৱা দেৱাশীষ গগৈ হত্যাৰ তদন্তও শেষ পৰ্যায়ত বুলি জনায় মহন্তই। ঘটনাৰ আটাইকেইটা অপৰাধী আৰক্ষীৰ জালত পৰিছে। লেজাই কাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু যথেষ্ঠ তথ্য প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। ঠিক একেদৰেই চাবুৱা কাণ্ড সন্দৰ্ভতো সকলো অপৰাধীকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

সংবাদমেল খনত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্য আৰক্ষীয়ে কেৱল অপৰাধী গেৰপ্তাৰ কৰাতেই দায়িত্ব সামৰিলে নহব, বৰং সঠিক চার্জছিট দাখিল কৰিলেহে শাস্তি পাব অপৰাধীয়ে।