Local, Vocal, Global

মুম্বাইত এতিয়া প্ৰাণ পাই উঠিব অসমীয়া কলা সংস্কৃতি- আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকলৰ দৰে শ্ৰদ্ধেয় ব্যক্তিৰ প্ৰচেষ্টাতেই যে এদিন অসমীয়া সংস্কৃতিয়ে জগত সভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব, সেয়া ধুৰুপ।
       ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে নামঘৰৰ সমীপতে মা কামাখ্যা দেৱীৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰে।
    অনুষ্ঠানত মাননীয় স্থানীয় বিধায়ক শ্ৰীমহেন্দ্ৰ থোৰাৱেৰ লগতে মুম্বাইৰ অসম এছ’চিয়েচন আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।