মুখ্যমন্ত্ৰীৰ আহ্বান-সলনি কৰিব লাগে মহানগৰৰ কালাপাহাৰৰ নাম

নিউজ ডেস্ক, ১৪ ফ্ৰেব্ৰুৱাৰীঃ শীৰ্ঘেই সলনি হ’ব মহানগৰীৰ কালাপাহাৰৰ নাম। পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত কালাপাহাৰ অঞ্চলৰ নাম সলনি কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয়ণো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙিছিল। গতিকে তেনে নাম ৰাখিলে ভাল নালাগে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সাংবাদিকৰ আগত মন্তব্য কৰে যে- “ড° হিমন্ত বিশ্ব শৰ্মাই কালাপাহাৰৰ নাম সলনি কৰিবলৈ আহ্বান জনাইছে।” তাৰোপৰি তেঁও কয় যে, স্থানীয় ৰাইজৰ মতামতৰ ভিত্তিত কালাপাহাৰৰ নাম সলনি কৰিব, ইয়াৰ নতুন নাম কি ৰখা হ’ব সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব।