Local, Vocal, Global

মুখেৰে ওলোটাকৈ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন

মুখেৰে উলটাকৈ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি মুখ্যমন্ত্ৰীজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা চিৰাঙ জিলাৰ বাসুগাওঁ চহৰৰ উদয়মান যুৱক সৌৰভ মণ্ডল ৷ ইতিমধ্যে এছিয়া বুক অফ ৰেকৰ্ডৰ লগতে ইন্দিয়া বুক অফ ৰেকৰ্ডেৰে নিজন নাম বুটলিব সক্ষম হোৱা যুৱকজনে লক ডাউনৰ সময়ৰ পৰা এনেদৰে মুখেৰে ওলটাকৈ বিভিন্ন সমাজৰ বিশিষ্ট ব্যক্তি ছবি অংকন কৰি ছোচিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ পিতৃ সাধন মণ্ডল আৰু মাতৃ বুলু মণ্ডলৰ  একমাত্ৰ পুত্ৰ সৌৰভ মণ্ডলৰ কৃতিত্বত গৌৰাৱাম্বিত অঞ্চলবাসী ৰাইজ ৷