মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা !

মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা ৷নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চান্দাত মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত এজন যুৱক।নিহত যুৱকজন যুগল দাস বুলি জানিব পৰা গৈছে। তিনি জন বন্ধুৰ সৈতে ৰাষ্টৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ।নিহত লোকজন মুকালমুৱাৰ চান্দা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷শোকাৱহ পথ দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহী শৈলেন তালুকদাৰো গুৰুতৰভাৱে আহত হয়।
আহত মটৰ চাইকেল আৰোহী শৈলেন তালুকদাৰক চিকিৎসাৰ বাবে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷মটৰ চাইকেল আৰোহী শৈলেন তালুকদাৰ DY365ৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এগৰাকী সংবাদকৰ্মী বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ AS-01EV-2905 ৷