Local, Vocal, Global

মাজুলী বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে ঘোষণাৰ সম্ভাৱনা

নিউজ ডেস্ক, ৪ ফ্ৰেব্ৰুৱাৰীঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভৰ পথ লাহে লাহে প্ৰশস্ত হৈছে অসমীয়া কলা-সংস্কৃতিৰ পীঠস্থান মাজুলীৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত এতিয়াও মাজুলীৰ নাম অক্ষুণ্ণ আছে। ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষান ৰেড্ডীয়ে কৰা ঘোষণাত এই কথা জানিব পৰা গৈছে।
                    উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা মতে বিগত প্ৰায় এক দশকৰ প্ৰচেষ্টাত সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে হোৱা বৈঠকৰ পাছত ২০২১ চনত এখন খচৰা দলিল প্ৰস্তুত কৰা হৈছে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা উপযুক্ত কৰি তুলিবলৈ।
                   লগতে অসম চৰকাৰে পৰামৰ্শদাতাই প্ৰস্তুত কৰা খচৰা দলিলখন চূড়ান্ত কৰিবলৈ এতিয়া মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক দায়িত্ব প্ৰদান কৰিছে। ইপিনে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে চলিত বিত্তীয় বৰ্ষৰ কেন্দ্ৰৰ পৰা মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক ৩৮ কোটি টকা ধাৰ্য কৰা হৈছে বুলি বিভাগীয় মন্ত্ৰীজনে সদনক অৱগত কৰে।
                  সদনৰ মজিয়াত দাখিল কৰা এই তালিকাত দেখা গৈছে ভাৰতৰ মুঠ ৪৬টা সম্ভাব্য ঐতিহ্য ক্ষেত্ৰৰ পঞ্চম স্থানত আছে মাজুলীৰ নাম। আনহাতে সম্ভাব্য তালিকাৰ ২৩ নম্নৰ স্থানত আছে অসমৰ আইকনিক শাড়ী বয়ন ক্লাষ্টাৰ আৰু ২৪ নম্বৰ স্থানত আছে অসমৰ আহোম যুগৰ মৈদামসমূহ।