Website Design: dastechnologies.in
মাছৰ আঞ্জাৰে এসাজ খুৱাই আজি গোলাঘাট কবিড চিকিৎসালয়ৰ পৰা কবিড নিগেটিভ ৰূপে চিনাক্ত হোৱা ১২ জনক বিদায় দিয়া হয়। যোৱা ২৩ মে’ত চেন্নাইৰ পৰা ক’ৰনা এক্সপ্ৰেছেৰে আহি গোলাঘাটত উপস্থিত হোৱাৰ পাছতে ক’ৰনাৰ দ্বাৰা আক্ৰান্ত ৰূপে চিনাক্ত হৈছিল শতাধিক লোক। তাৰ ভিতৰতে আছিল এই ১২ জন যুৱক। গোলাঘাটৰ পৰা যোৱা দুদিনত ৭৯ জনৰ নমুনা সংগ্ৰহ কৰি কবিড পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছিল। সেই ৭৯ জনৰ ভিতৰত ১২ জনৰ দুবাৰ টেষ্টত নিগেটিভ অহাত আজি কবিড চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ঘৰলৈ যোৱাৰ পূৰ্বে আন ৰোগী সকলৰ লগতে এই ১২ জনকো মাছৰ টেঙা আঞ্জাৰে দুপৰীয়াৰ ভাত খুৱাই বিদায় দিয়ে। গোলাঘাট জিলা প্ৰশাসনে সাজু কৰি ৰখা এখন বাছেৰে ১২ জন যুৱকক ঘৰত থৈ অহাৰ ব্যৱস্থা কৰে । তেওঁলোক পুনৰ ১৪ দিনৰ বাবে হ’ম কোৱাৰেন্টাইনত থাকিব লাগিব। বৰ্তমান গোলাঘাট কবিড চিকিৎসালয়ত ১০২ জন ক’ৰনা আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে।