Local, Vocal, Global

মহিলাসকলৰ এক ডাঙৰ সমস্যা, আপুনি জানেনে মহিলাসকলৰ কি কি ভুলৰ বাবে হয় স্তন কেন্সাৰ….

ডিজিটেল ডেস্কঃ-বিভিন্ন সময়ত মহিলাসকলে বিভিন্ন সমস্যাৰ সম্মুখিন হ’ব লগা হয়৷ মহিলাসকলে কৰা কেইটামান বিশেষ ভুল যাৰ ফলত হয় স্তন কেন্সাৰ, আজি সমগ্ৰ বিশ্বৰ মহিলাসকলৰ বাবে স্তন কেন্সাৰ ভয়ৰ বিষয় হৈ পৰিছে। আৰু ইয়াৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বাঢ়িছে।
শেহতীয়াকৈ গতানুগতিক কেন্সাৰ ঔষধে কাম কৰা নাই। বেছিভাগ গতানুগতিক কেমোথেৰাপীয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়। সেয়ে স্তন কেন্সাৰ ৰোগে দিনক দিনে চিকিৎসকৰ চিন্তা বঢ়ায় নিছে। কিন্তু দৈনন্দিন কিছুমান অভ্যাস পাহৰিলে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়? এনে কেইটামান বেয়া অভ্যাস হ’ল যিয়ে স্তন কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে।

আপোনাৰ স্তনৰ আকাৰৰ বাবে সঠিক আকাৰৰ ভিতৰৰ পৰিধান ব্যৱহাৰ নকৰিলে স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়।, আনহাতে অতি সৰু বা বেছি টান আকাৰৰ ভিতৰৰ পৰিধান কৰিলে স্তনৰ লিম্ফেটিক চিষ্টেমৰ ক্ষতি হয়৷

খাদ্য প্লাষ্টিকৰ বাকচত ৰখা আৰু বিশেষকৈ অভেনত গৰম কৰিলে স্তন কেন্সাৰৰ আশংকাত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব পাৰে। ইয়াৰ পৰিৱৰ্তে কাঁচৰ পাত্ৰ ব্যৱহাৰ কৰক। আৰু যদি আপুনি প্লাষ্টিক ব্যৱহাৰ কৰিব বিচাৰে তেন্তে নিশ্চিত হওক যে ই ফুড গ্ৰেডৰ হয়৷
প্ৰায় সকলোৱে ঘামৰ গোন্ধৰ পৰা হাত সাৰিবলৈ ডিঅ’ডৰেণ্ট ব্যৱহাৰ কৰে! কিন্তু এই ডিঅ’ডৰেণ্ট কিনাৰ সময়ত ইয়াত থকা উপাদানসমূহৰ প্ৰতি সচেতন হওক। এলুমিনিয়াম ভিত্তিক উপাদানে স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। যিহেতু আপুনি প্ৰতিদিনে ডিঅ’ডৰেণ্ট ব্যৱহাৰ কৰে গতিকে ইয়াৰ প্ৰতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

পাকঘৰৰ চিংক বা কেবিনেট পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰঙীন তৰল ক্লিনাৰত থকা ৰাসায়নিক পদাৰ্থই আপোনাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, মাইগ্ৰেইন আৰু এলাৰ্জীৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। গতিকে এই কেমিকেল ক্লিনাৰ ব্যৱহাৰ নকৰাকৈ আপুনি ভিনেগাৰ বা বেকিং ছ’ডাৰে চাফা কৰিব পাৰে।
ঘৰৰ পৰা দুৰ্গন্ধ আঁতৰাবলৈ এয়াৰ ফ্ৰেছনাৰ ব্যৱহাৰ দিনক দিনে জনপ্ৰিয় হৈ পৰিছে। কিন্তু ইয়াত ফ্থালেটছ নামৰ প্লাষ্টিচাইজিং ৰাসায়নিক পদাৰ্থ থাকে যিয়ে সুগন্ধি বেছি দিন টিকিবলৈ সহায় কৰে আৰু ইয়াৰ স্তন কেন্সাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।
দোকানৰ পৰা সস্তীয়া চুলিৰ ৰং কিনিব নালাগে। ইয়াৰ ফলত চুলি সৰাব পাৰে, লগতে ইয়াত ব্যৱহৃত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই স্তন কেন্সাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভাল ব্ৰেণ্ডৰ বনৌষধি চুলিৰ ৰং ব্যৱহাৰ কৰক।
এনেধৰনৰ কাৰন ফলতে বেছি সংখ্যাক মহিলাৰ স্তন কেন্সাৰ হোৱা দেখা যায়৷