ভাৰতবৰ্ষৰ এটা ৰহস্যময়ী হ্ৰদ,য’ত লুকাই আছে বহু ৰহস্যৰ !

ডিজিটেল ডেস্ক:-ভাৰতবৰ্ষ এখন ৰহস্যময়ী দেশ।ৰহস্যৰ অন্ত নাই ভাৰতত। দেশৰ ভিন্ন প্ৰান্তত এনে কিছুমান ঠাই আছে যি ঠাইত বহু ৰহস্য এতিয়াও নিহিত হৈ আছে। যাৰ বিষয়ে বহু লোকে জানিলেও শুনিলেও তেনে ঠাইলৈ যাবলৈ কিছু ভয় শংকা কৰে আৰু আন কিছুমানে ৰহস্যৰ উদঘাটনৰ বাবে যাবলৈ বিচাৰে।আজি আমি ভাৰতৰ্ষৰ তেনে এখন ঠাইৰ বিষয়ে কম,যাৰ বিষয়ে শুনিলে আপুনিও আচৰিত হ’ব।
তেনেই এখন ঠাই হৈছে উত্তৰাখণ্ডত। উত্তৰাখণ্ড থকা এটা হ্ৰদ, যাৰ মাজত লুকাই আছে ৰহস্য। উত্তৰাখণ্ডৰ এটা হ্ৰদ। যাৰ নাম ৰূপকুণ্ড , কিন্তু সেই হ্ৰদক কংকাল হ্ৰদ বুলিও জনা যায়। যি হ্ৰদত মানুহৰ কংকাল উপঙি থাকে। হ্ৰদটোত কোনেও আত্মহত্যা নকৰে বা হত্যাকাণ্ড সংঘটিত নকৰে।কিন্তু কৰ পৰা আহে সেই কংকাল। কোনে আনে এই কংকাল। কৰ পৰা আহি সেই উপঙি থকে কংকাল বোৰ।
সমতলৰ পৰা ১৬,৫০০ ফুট উচ্চতাত অৱস্থিত সেই বিশেষ হ্ৰদটো।প্ৰতি বছৰে ৰূপকুণ্ডত বৰফ গলি যোৱাৰ লগে লগে শ শ মানৱ কংকাল ওপঙি উঠে হ্ৰদটোত।গৱেষকসকলে বিশ্বাস কৰে যে মৃতদেহবোৰ কংকাল প্ৰায় ১২০০ বছৰ পুৰণি।
কোনেও নিশ্চিতভাৱে নাজানে যে এই লোকসকল কোন আছিল আৰু হিমালয়ৰ এনে এক দুৰ্গম অঞ্চলত তেওঁলোকে কি কৰি আছিল।লোক বিশ্বাস অনুসৰি, কংকালৰ অৱশিষ্টবোৰ কানাউজৰ ৰজা জছধাৱাল আৰু তেওঁৰ গৰ্ভৱতী পত্নী আৰু শ শ সেৱকৰ, যিসকলে তীৰ্থযাত্ৰাত নন্দা দেৱী মন্দিৰলৈ গৈ আছিল। অৱশ্যে, তেওঁলোকে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাৰ পূৰ্বে, তেওঁলোক এক ভয়ংকৰ শিলাবৃষ্টিৰ সন্মুখীন হৈছিল। সেই শিলাবৃষ্টিৰ পৰা লুকুৱাবলৈ কোনো ঠাই বিচাৰি নাপাই সকলোৱেই সেই হ্ৰদৰ ওচৰতে মৃত্যু মুখত পৰে।