Local, Vocal, Global

মহানগৰৰ ভূমি মূল্যৰ বাবে ৱেবছাইট মুকলি

গুৱাহাটী, ১ জানুৱাৰীঃ ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰূপণৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া পুণৰ নিৰ্ধাৰণৰ নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰা এই পাচোঁটা ৰাজহ চক্ৰতে প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰ্ণয় কৰা হৈছে। প্ৰস্তাৱিত প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্যৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিৰ কিবা আপত্তি আছে, তেওঁলোকে অহা ১০ জানুৱাৰীৰ ভিতৰত উপায়ুক্তক লিখিত আপত্তি জনাব পাৰিব। সবিশেষ জিলা ৱেব চাইট kamrupmetro.assam.gov.in ত উপলব্ধ হ’ব।