Local, Vocal, Global

মহানগৰীৰ ফৰেষ্টগেটত আৰম্ভ হয় উচ্ছেদিত অভিযান

গুৱাহাটী,১২ ফ্ৰেব্ৰুৱাৰীঃ ৰেল বিভাগৰ তৰফৰ পৰা মহানগৰীৰ ফৰেষ্ট গেটৰ ৰে’ল লাইনৰ সমীপত আৰম্ভ হয় এই উচ্ছেদ অভিযান। ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া , RPF, নুনমাটি আৰক্ষীৰ উপস্থিতিত JCB লৈ ৰেল লাইনৰ সমীপত থকা কেইবাখনো দোকান, ঘৰ উচ্ছেদ কৰে দলটোৱে । উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত । উচ্ছেদিত লোক সকলে ৰাজ পথ অৱৰোধ কৰি ৰেল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উচ্ছেদিত লোকৰ অভিযোগ কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰিছে ৰে’ল বিভাগে।
ইপিনে ৰেল বিভাগৰ শীৰ্ষ বিষয়াই জনোৱা মতে ৰে’ল বিভাগৰ তৰফৰ পৰা বহু বাৰ জাননী দিয়াৰ পিছতেও ৰে’ল বিভাগৰ ভূমি অধিগ্ৰহণ কৰি দোকান , ঘৰ সাজি আছে বুলি প্ৰকাশ কৰে।