Website Design: dastechnologies.in
গুৱাহাটীৰ আমবাৰীস্থিত লেম্বৰ’ড হ’ব এতিয়াৰে পৰা নতুন কণ্টেইনমেণ্ট জ’ন। লেম্বৰ’ডৰ বাসিন্দা দম্পতী প্ৰকাশ বৰুৱা আৰু নৱনীতা বৰুৱাক ক’ৰ’ণা পজিটিভ পোৱা খবৰ পোৱা গৈছে। কিছুদিন আগতে জলফাইগুৰিৰ পৰা লেম্বৰ’ডস্থিত বাসগৃহলৈ উভতি আহিছিল দম্পতীহাল। ইতিমধ্যে দুইয়োজনকে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্ত্তি কৰা হৈছে।
ইয়াৰ লগতে অসমত এতিয়ালৈ সৰ্বমুঠ ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ৩,২৮৫ গৰাকী, সুস্থ হোৱা ৰোগীৰ সংখ্যা ১,২৪৯ গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬ গৰাকী।