Local, Vocal, Global

মদেই কাল হ’ল এজনৰ ,গহপুৰৰ নিগমত নাৰী কেন্দ্ৰীক সংঘাটত যোৱা নিশা প্ৰাণ গ’ল এজনৰ

গহপুৰৰ নিগমত এক নাৰী কেন্দ্ৰীক সংঘাটক লৈ যোৱা নিশা হোৱা এক সংঘৰ্ষত এজনৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুত্বৰ ভাবে আহত হয় ।   হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত নিগমৰ পশ্চিম লাইনৰ   ২৪ বছৰ বয়সীয়া ৰাজু বনিয়া আৰু তেওঁৰ বন্ধু ৩০বছৰ বয়সীয়া ভদ্ৰ দাসে একেলগে ভদ্ৰ দাসৰ ঘৰত মদ্যপান কৰে  । দুই বিবাহিত বন্ধুই মদ্যপান কৰি থকা অৱস্থাতে স্থানীয় এগৰাকী অসৎ মহিলাক লৈ দুয়োৰে মাজত সংঘাত সৃষ্টি হয় ।এটা সময়ত সংঘাত অতি তীব্ৰ হৈ পৰে আৰু ভদ্ৰই ৰাজুক  ঘৰৰ পৰা  বাহিৰলৈ খেদি আনে আৰু ঘৰৰ কাষৰে এটি নামঘৰৰ কাষতে দুয়ো  দাৰে ঘপিয়া -ঘপিৰে ভয়ানক সংঘৰ্ষত লিপ্ত হয় ।দুয়ো গভীৰ ভাবে আঘাত হয় যদিও নিশা প্ৰায় তিনি বজাত ৰাজুৰ  মৃত্যু হয়