ভৰিত নাই জোতা, তিউনিশাৰ প্ৰেমিক ছীজানক তেনেকৈয়ে নিলে আদালতলৈ

ভৰিত জোতা নাই, মুখ ঢকা৷ তেনেকৈয়ে আদালতলৈ টানি নিয়া হয় ছীজানক৷ বৃহস্পতিবাৰে আবেলি ইণ্টাৰনেটত ভাইৰেল হয় এই ফটো। প্ৰয়াত অভিনেত্ৰী তিউনিশা শৰ্মাৰ প্ৰেমিক ছীজান খানৰ প্ৰতি প্ৰশাসনৰ মনোভাৱই বহুতকে হতবাক কৰি তুলিছে। প্ৰশ্ন উত্থাপিত হৈছে যে দোষী সাব্যস্ত কৰা হোৱা নাই ছীজানক৷ তাৰ আগতে এজন অভিনেতাৰ সৈতে এনে আচৰণ কিয়? আৰক্ষীৰ জিম্মাত থাকোতে অভিযুক্তৰ প্ৰতি এনে আচৰণ ‘অমানৱীয়’ আৰু আইন বিৰোধী বুলি কয় বহুতে।
২৪ ডিচেম্বৰত প্ৰেমৰ সম্পৰ্ক ভাঙি যোৱাৰ ১৫ দিন পিছত ২০ বছৰীয়া তিউনিশাৰ মৃতদেহ ধাৰাবাহিকৰ ছেটত ওলমি থকা অৱস্থাত পোৱা গৈছিল। শ্বুটিঙৰ বিৰতিৰ সময়ত অভিনেত্ৰীগৰাকীয়ে বাথৰুমত প্ৰৱেশ কৰিছিল আৰু সহকৰ্মীসকলৰ মতে নিজকে শেষ কৰিছিল। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু জীৱন ৰক্ষা নপৰিল। আনহাতে মাতৃয়ে মৃত্যুক ‘আত্মহত্যা’ নহয় বুলি দাবী কৰিছে। সহ-অভিনেতা ছীজানে আত্মহত্যাৰ বাবে উদগনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছীজানক গ্ৰেপ্তাৰ কৰে। দিন-ৰাতি সোধা-পোছা কৰা হৈছে ছীজানক। যদিও প্ৰথমতে নীৰৱ আছিল অভিনেতাজনে৷ বুধবাৰে নিশা কিছু উত্তৰ দিছিল।
ছীজান বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। আৰক্ষী বিষয়াসকলে জেৰা কৰিবলৈ আদালতৰ পৰা অধিক সময় বিচাৰিছে কিয়নো মৃত্যুৰ ৰহস্যৰ ভেদ হোৱা নাই। বৃহস্পতিবাৰে ছীজানক মুম্বাইৰ বাচাই আদালতত হাজিৰ কৰা হয়। আৰক্ষী ‘কঠোৰ’ হোৱাৰ দৃশ্য প্ৰচাৰ হৈছিল। নেটিজেনসকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰক্ষীৰ জিম্মাত থকা অভিযুক্তজনৰ প্ৰতি ইমান অমানৱীয় হোৱাটো আমাৰ ৰীতি নেকি? আদালতলৈ যোৱাৰ আগতে আপোনাৰ ভৰিত জোতা পিন্ধাৰ অধিকাৰ নাই নেকি?