Local, Vocal, Global

ভয়াবহ সংকটত হস্পিটেলিটি খণ্ডৰ কৰ্মচাৰী সকল, ছিপাঝাৰত সহায়ৰ হাত

194

দীৰ্ঘ লকদাউনৰ পৰিপ্ৰেক্ষিতত ভয়াবহ সংকট আহি পৰিছে হস্পিটেলিটি খণ্ডৰ ওপৰত নিৰ্ভৰশীল লোক সকল। এই খণ্ডৰ ওপৰত নিৰ্ভৰশীল সকলৰ কৰ্মথলী প্ৰধানকৈ হোটেল আৰু ৰেস্তোৰাঁ সমূহ। কিন্তু প্ৰায় চাৰি মাহ ধৰি এওঁলোকৰ কৰ্মথলী স্থবিৰ হৈ পৰিছে। নাই দৰমহা , বহুতেই হেৰুৱাই পেলাইছে কৰ্ম সংস্থাপন। হাজাৰ হাজাৰ পৰিয়ালত হাহাকাৰ অৱস্থা। কেৱল দৰং জিলা আৰু ওচৰে পাজৰে আছে হস্পিটেলিটি খণ্ডৰ সৈতে জড়িত প্ৰায় ৫,০০০ লোক। আজি এইসকল লোকৰ সৈতে এক আলোচনাত মিলিত হয় অল আছাম হস্পিটেলিটি ৱৰকাৰ্ছ এছোচিয়েছনৰ নেতৃত্ব। সংস্থাটোৰ উপদেষ্টা ব’ৰ্ডৰ সদস্য ৰিজুমনি তালুকদাৰ, জে পি ৰয়, সম্পাদক শৈলেন দাস আৰু বিত্ত সম্পাদক ৰাতুল মালি এই বৈঠকত উপস্থিত থাকে। বিষদভাৱে আলোচনা কৰা হয় হস্পিটেলিটি খণ্ডৰ সৈতে জড়িত সকলৰ ভৱিষ্যতৰ বাবে কৰণীয় বিষয়ৰ সন্দৰ্ভত। ইয়াৰ পিছতে এই সকল সমস্যাগ্ৰস্ত লোক আৰু পৰিয়ালৰ মাজত কিছু খাদ্য সামগ্ৰী সংকট কালৰ সাহায্য ৰূপে আগবঢ়োৱা হয়। এই সাহায্য সামগ্ৰীৰ দ্বাৰা উপকৃত হ’ব দৰঙৰ ১২০ টা পৰিয়াল। এই সংকটৰ সময়ত হস্পিটেলিটি খণ্ডৰ ওপৰত নিৰ্ভৰশীল সকলৰ প্ৰতি সহায় আগবঢ়াবলৈ সংস্থাই ব্যক্তি বিশেষ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনাইছে।