Local, Vocal, Global

ভক্তিসেৱাৰ অন্যতম নিৰ্দশন;কম খৰছত দুভাগ গৰুণ্ড পক্ষী নিৰ্মাণ কৰি হৰি মন্দিৰলৈ আগবঢ়ালে পিতা পুত্ৰই

জামুগুৰিহাট,৩০মে’ : ভক্তিসেৱাৰ অন্যতম নিৰ্দশন হিচাপে জামুগুৰিহাটৰ মাজগাঁৱৰ হৰি মন্দিৰলৈ দুভাগ গৰুণ্ড পক্ষীৰ মূৰ্তি নিৰ্মাণ কৰি আগবঢ়ালে চতিয়াৰ জয়সিদ্ধিৰ দুই পিতা পুত্ৰই। জয়সিদ্ধিৰ হোমেশ্বৰ শইকীয়া আৰু তেওঁৰ পুত্ৰ গৌতম শইকীয়াই যোৱা ছমাহ যোৰা পৰিশ্ৰমৰ অন্তত অতি নিখুটভাৱে নিৰ্মাণ কৰা গৰুণ্ড পক্ষী দুভাগ হৰিমন্দিৰ প্ৰাংগণৰ মূল বাটচৰাত স্থাপন কৰা হয়।

মাজগাঁৱৰ এগৰাকী যুৱকে হৰিমন্দিৰলৈ আগবঢ়াই যোৱা এই গৰুণ্ড পক্ষী দুভাগ অতিকৈ কম খৰছত নিৰ্মাণ কৰি হৰিমন্দিৰলৈ আগবঢ়োৱা বাবে পিতা পুত্ৰ দুয়ো ভাস্কৰ্য্য শিল্পীক গাঁওবাসী ৰাইজে ধদ্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে।

লগতে পঢ়ক : The tragic story of a poor family : কোনো চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এটি পৰিয়াল