Local, Vocal, Global

বেলাৰুছৰ পৰা ভাৰতলৈ অহা প্ৰশিক্ষকৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

ভাৰতৰ নেচনেল ইনষ্টিটিউট অফ স্পৰ্টছ(এন আই এছ)ত বিদেশী এথলেটিকছ প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ ।
ভাৰতৰ বিদেশী এথলেটিকছ প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ হ’ল পাঞ্জাৱৰ পাতিয়ালাত অৱস্থিত নেচনেল ইনষ্টিটিউট অফ স্পৰ্টছ (এন আই এছ)ত । ভাৰত অহাৰ ৩টা দিনৰ পিছতেই হোষ্টেলত উদ্ধাৰ হয় প্রশিক্ষক নিকোলাই স্নেচাৰেভৰ মৃতদেহ ।

৭২ বছৰ বয়সীয়া প্ৰশিক্ষকজনে ২মাৰ্চত ভাৰতীয় গ্ৰেণ্ড পিক্স৩ ৰ বাবে ভাৰতত আহি উপস্থিত হৈছিল । ভাৰতৰ বেলাৰুচিয়ান এথলেটিকছ প্রশিক্ষক গৰাকীৰ মৃতদেহটো ইতিমধ্যে মৰোণোত্তৰ পৰীক্ষাৰ বাবে এখন চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আৰু উদ্ধাৰৰ পৰৱৰ্তী সময়ত আৰক্ষীবিষয়াই তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিছে ।