বি এছ এফৰ গুলীত নিহত গৰু সৰবৰাহকাৰীৰ মৃতদেহ চমজি নললে বাংলাদেশে

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰীঃ ভাৰত বাংলাদেশ সীমান্তৰ মানকাচৰত বি এছ এফৰ গুলীত নিহত হোৱা ফৰিদুল ইছলাম নামৰ গৰু সৰবৰাহকাৰীজনৰ চমজি নললে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে। হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত তিনি ধৰি মৃতদেহটো ৰখা হৈছিল। বুধবাৰে মৃতদেহটো বি এছ এফ আৰু আৰক্ষীৰ সহযোগত হাটশিঙিমাৰী কৱৰস্থানত কৱৰস্থ কৰা হয়।
বাংলাদেশে মৃতদেহটোৰ চমজি নোলোৱাৰ বাবে ৭২ ঘণ্টা অপেক্ষাৰ অন্তত ভাৰতে কবৰ দিয়ে মৃতদেহটো।