Local, Vocal, Global

বিহু বিষয়টোক লৈ মুখ খুলিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই আৰু এই বিষয়টোক লৈ বৰ্তমানও কোনো ঘোষণা জাৰি কৰা নাই বুলি সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু এই বিষয়ে শিক্ষা সংসদত আলোচনাৰ হোৱাৰ কথা স্বীকাৰ কৰে তেঁও। লগতে শিক্ষামন্ত্ৰী পেগুৱে কয় যে বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত আগ্ৰহী নহয় ছাত্ৰ-ছাত্ৰীসকল।
এই বিষয়টো ন-ৰূপত সজায় তুলিব পাৰি নেকি তাকলৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণহে কৰা হৈছে, এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই।

একাদশ- দ্বাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলে চতুৰ্থ বিষয় হিচাপে ৮৪ টা বিষয়ৰ পৰা এটা বাচনি কৰি ল’ব পাৰে । তাৰ ভিতৰতে আছে বিহু বিষয়টো। বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি , ঐনিতমো এটা বিষয় হ’ব লাগে বহু দল সংগঠনে দাবী জনায় আহিছে।