Local, Vocal, Global

বিহপান কৰি আত্মহত্যা প্ৰেমিক-প্ৰেমিকাৰ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ মানকাচৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। বিহপান কৰি অকাল মৃত্যুক সাৱটি ল’লে ১৭ বছৰীয়া আশ্ৰাফুল ইছলাম আৰু ১৫ বছৰীয়া ৰুমি খাতুনে।


মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুটামাৰী গাঁওৰ মহজ্জল হকৰ পুত্ৰ আৰু একে গাঁৱৰে ৰফিকুল ইছলামৰ কন্যা ৰুমি খাতুনৰ দীৰ্ঘ দিনৰ পৰাই আছিল প্ৰেমৰ সম্পৰ্ক।


পৰিয়ালৰ লোকক একো নজনোৱাকৈ দেওবাৰে নিশা দুয়োজনেই বিহপান কৰি আত্মহত্যা কৰে। দুয়োৰে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ পথ বাচি লোৱাৰ কাৰণ।