Local, Vocal, Global

বিবাহ বিচ্ছেদ হ’ব ৰাখী সাৱন্তৰ: যাৰ বাবে বিৰহত এতিয়া ভাগি পৰিছে ৰাখী

ডিজিটেল ডেস্ক: বিবাহ বিচ্ছেদ হ’ব ৰাখী সাৱন্তৰ! শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰাখী সাৱন্তে নিজৰ বৈবাহিক জীৱনৰ কিছু কথা ব্যক্ত কৰিছিল৷ যি সাক্ষাৎকাৰত ৰাখীয়ে স্বামী ৰিতেশৰ সৈতে হোৱা পাৰিবাৰিক সংঘাতৰ কথা উল্লেখ কৰিছিল৷ লগতে কৈছিল এতিয়া ৰিতেশৰ সৈতে তেওঁ সহবাস নকৰে বুলিও উল্লেখ কৰে৷ অলপতে স্বামী-স্ত্ৰী দুয়োৱে বিগবছ ছিজন-১৫ত অংশগ্ৰহণ কৰিছিল ৷ শেহতিয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰাখীয়ে ৰিতেশৰ লগত চলি থকা তেওঁৰ সম্পৰ্কৰ কথা ব্যক্ত কৰে৷ ৰাখীয়ে কয় যে তেওঁ ৰিতেশক বৈবাহিক বান্ধোনৰ পৰা মুক্ত কৰি দিব বিচাৰে ৷ লগতে তেওঁ কয় যে ৰিতেশ আৰু ৰাখী ভাল বন্ধু হে ৷ৰাখীয়ে পাৰ কৰিছিল বহু কঠিন সময়৷ যাৰফলত টেলিভিছনৰ বিভিন্নৰ শ্ব’ৰ পৰা তেওঁ বিৰত আছিল৷ আনহাতে বিগ বছ-১৫ত আধাতেই সামৰিব লগীয়া হৈছিল ৰাখীৰ যাত্ৰা৷ যাৰ ফলত তেওঁ ভাঙি পৰিছিল৷
তেওঁ কৈছিল যে তেওঁ বিগ বছ-১৫ৰ ফাইনেলত যাবলৈ যোগ্য আছিল৷ ৰশ্মি দেশাই, নিশান্ত ভট্ট, আৰু শমিতা চেট্টীয়ে তেওঁক অতিক্ৰম কৰা নাছিল। তেজস্বীৰ বিজয়ত আনন্দ প্ৰকাশ কৰি ৰাখীয়ে কয় যে, ‘তেজস্বী জিকাটো বিচাৰিছিলো।’ সম্প্ৰতি ৰাখী সাৱন্তে ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে, তেওঁৰ মতে, ছলমান খানে তেওঁক ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল।