Local, Vocal, Global

বিপদত হাগ্ৰামা মহিলাৰী

কেৱল অসমৰ বুলি ক’লে ভুল হব, প্ৰথমে সশস্ত্ৰ পন্থা লৈ পিছত সমাজৰ মূল সুঁতিলৈ উভতি আহি ৰাজনীতিত চামিল হোৱা , অৰ্থাৎ প্ৰাক্তন বিদ্রোহী আৰু বৰ্তমানৰ ৰাজনীতিকৰ তালিকাত দেশৰ ভিতৰতে এজন সফল ব্যক্তি হাগ্ৰামা মহিলাৰী।  বহুক্ষেত্ৰত তেওঁ সৌভাগ্যবানো। ২০০৩ত বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰ পৰাই পিছলৈ উভতি চাব লগীয়া হোৱা নাছিল হাগ্ৰামা মহিলাৰীয়ে। চুক্তিত চহী কৰিয়েই বিটিচি ৰ প্ৰথম খন অন্তৰবৰ্তী কালীন চৰকাৰক নেতৃত্ব দিয়া হাগ্ৰামাৰ দল বি পি এফে পৰৱৰ্তী প্ৰতিটো পৰিষদীয় নিৰ্বাচনত জয়ী হৈ বিটিচি ত চলাই আহিছে শাসন। প্ৰথমে কংগ্ৰেছ আৰু তাৰ পিছত বিজেপি মিত্ৰজোত চৰকাৰৰো অংশীদাৰ হাগ্ৰামাৰ দল বিপিএফ। কিন্তু যোৱা ২৭ জানুৱাৰীত বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰ পৰা যেন দুৰ্ভাগ্যই লগ নেৰা হৈছে হাগ্ৰামা মহিলাৰীক । মুঠতে বিটিচি ৰ ৰজাৰ এতিয়া বিপদেই বিপদ। লকদাউনৰ বাবেই সময়মতে পাতিব পৰা নগ’ল বিটিচি ৰ পৰিষদীয় নিৰ্বাচন। বিটিচি ৰ শাসন এতিয়া ৰাজ্যপালৰ হাতত। তাৰ মাজতে হাগ্ৰামাৰ বিপদ ইমানেই বাঢ়িছে যে একে কোবে ৰঙা ঘৰতো গৈ সোমাব লগীয়া হ’ব পাৰে মহা প্ৰতাপী হাগ্ৰামা মহিলাৰী। কাৰণ মহিলাৰী সহ বিটিচিৰ ১৪ জনকৈ প্ৰাক্তন কার্যবাহী সদস্যৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গোচৰ ৰুজু কৰিছে বিপিএফ ৰ ৰাজনৈতিক বৈৰী ইউ পি পি এল ৰ কেন্দ্ৰীয় নেতা পৃথ্বীৰাজ নাৰায়ণ মেছে। বিটিচিত বিপিএফ ৰ শাসনকালত এলানি বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগত তৰা হৈছে এই গোচৰ। আৰু তদন্তৰ দায়িত্ব দিয়া হৈছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক।