বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট ২০২২
নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃ আজি সদনত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি দিনৰ ১১ বজাত সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কি কি আছে তলত উল্লেখ কৰা হ’ল-১)সামাজিক কল্যাণৰ লক্ষ্য হৈছে বাজেটত
২) এবছৰত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য
৩) দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২ কৰাৰ লক্ষ্য
৪)অনাগত ২৫ টা বৰ্ষৰ বুনিয়াদ নিৰ্মাণ হ’ব এই বাজেটত
৫) ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য
৬)আইটি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব
৭)ক’ভিডসৃষ্ট পৰিৱেশত মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰভাৱত পৰিছে, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত দিয়া হ’ব বিশেষ গুৰুত্ব
৮)উত্তৰ-পূৱৰ উন্নতিৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ গুৰুত্ব
৯) দেশৰ জনতাৰ জীৱন-শৈলীৰ উন্নীতকৰণৰ লগতে আন্তঃগাঠনিৰ বিকাশত বিশেষ গুৰুত্ব