বাধাৰ প্ৰাচীৰ ভাঙি মজিদে দেখুৱালে নিদৰ্শন

ল’ৰাজনৰ নাম আব্দুল মজিদ আলি। অভাৱগ্ৰস্ত এটা পৰিয়ালত জন্ম। বিশেষ ভাবে সক্ষম তেওঁ। দুয়োখন হাতেই অকামিলা। কিন্তু পঢ়া শুনাৰ প্ৰতি প্ৰবল ধাউতি মনত। চাংসাৰিৰ এটা ভাড়া ঘৰত থাকি পঢ়া শুনা কৰা এই ল’ৰা জনেই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে বহুতৰ বাবে ঈৰ্ষণীয় সফলতা। মুঠ ৫টা বিষয়ত লে’টাৰ সহ ৮৬% নম্বৰেৰে আব্দুল মজিদ আলি উত্তীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।