Local, Vocal, Global

বাঘজানৰ সংকটকালত মই ৰাইজৰ লগত আছো : মোডী

“বাঘজানৰ সংকটকালত মই ৰাইজৰ লগত আছো “-
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধধিকৰণৰ বৈঠকত অসমৰ বাঘজানৰ ভয়াৱহ পৰিস্থিতিক গুৰুত্বসহকাৰে গ্ৰহণ কৰি এই মন্তব্য।প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীক বাঘজানৰ সবিশেষ সন্দৰ্ভত অৱগত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্যত বাঘজানবাসীৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সকলো ধৰনে সহযোগীতা আগবঢ়াব।
ইফালে তৈলখাদ আৰু গেছকূপত সংঘটিত হ’ব পৰা দূৰ্ঘটনা মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞ সৃষ্টি কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰ’লিয়াম টেকন’লজী বিভাগক উন্নীতকৰনৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
বৃহস্পতিবাৰৰ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী,কেন্দ্ৰীয় কৃষিমন্ত্ৰী,পেট্ৰ’লিয়াম মন্ত্ৰী আৰু ড’নাৰ মন্ত্ৰী উপস্থিত থাকে।।