বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত অক্সিজেন প্লাণ্টত বিস্ফোৰণ !

ডিজিটেল ডেস্ক:- বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত এটা অক্সিজেন প্লাণ্টত বিস্ফোৰণৰ। শনিবাৰে সংঘটিত এই অগ্নিকাণ্ড ঘটনাতো।অগ্নিকাণ্ডৰ ফলত কমেও ছয়জন লোক নিহত হয় আৰু কেইবাজনো লোক আহত হয়।
উল্লেখ্য যে শনিবাৰে বিস্ফোৰণ সংঘটিত এই অক্সিজেন প্লাণ্টটো চিটাগং দক্ষিণ-পূব বন্দৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত থকা সীতাকুণ্ডাত আছে।অৱশ্যে বিস্ফোৰণ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সীতাকুণ্ডা প্লাণ্টত সাহায্য আৰু উদ্ধাৰ অভিযান চলি থকাৰ সময়তে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি মন্তব্য কৰিছিল।
এজন চৰকাৰী বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনোৱা মতে, ঘটনাস্থলৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।
উল্লেখযোগ্য যে যোৱা বছৰৰ জুন মাহত অঞ্চলটোৰ এটা কণ্টেইনাৰ ডিপোত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল। য’ত ৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০০ জন লোক আহত হয়।