Local, Vocal, Global

ফৰ্বছৰ অসামান্য হিন্দী অভিনেতাৰ তালিকাত স্থান লাভ অসম সন্তান আদিল হুছেইনৰ।

 নিউজ ডেস্কঃ পুনৰ এবাৰ বিশ্ব দৰবাৰত জিলিকি উঠিল অসম সন্তান অভিনেতা আদিল হুছেইন। অভিনেতা আদিল হুছেইনে শেহতীয়াকৈ অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ চলচ্চিত্রত তেঁওৰ সুন্দৰ অভিনয়ৰ বাবে ফৰ্বছ আলোচনীয়ে আদিল হুছেইনক হিন্দী ছবিৰ শ্ৰেষ্ঠ অসাধাৰণ প্ৰতিভাৰ তালিকাত অন্তর্ভুক্ত কৰিছে।

হুছেইনক প্ৰশংসা কৰি ফৰ্বছ ইণ্ডিয়াই ইয়াৰ প্ৰৱন্ধত কয় যে অ-কেন্দ্ৰীয় চৰিত্ৰবোৰৰ বাবে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাটো সহজ নহয়। তাতে যেতিয়া কেন্দ্রীয় চৰিত্ৰটো অক্ষয় কুমাৰৰ দৰে অভিনেতাই ৰূপায়ন কৰে, তেতিয়া সেয়া অধিক কঠিন হৈ পৰে।

উল্লেখ্য যে, অসমৰ গোৱালপাৰা জিলাত জন্ম লাভ কৰি সুদক্ষ অভিনয়েৰে বিশ্বৰ ছবি প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনে কেইবাখনো হিন্দী ছবিত মুখ্য ভূমিকাতো অভিনয় কৰিছে। তদুপৰি “লাইফ অৱ পাই’ৰ দৰে হলীউডৰ ছবিতো সুদক্ষ অভিনয় কৰি তেওঁ সুনাম অর্জন কৰিছে।