Local, Vocal, Global

প্ৰেমিকাক প্ৰহাৰ কৰা প্ৰেমিকৰ ঘৰ ভাঙিলে চৰকাৰে

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এগৰাকী যুৱতীক ৰাজহুৱা স্থানত অত্যাচাৰ কৰাৰ বাবে ভয়াবহ শাস্তি দিছে এজন যুৱকক। বুলডজৰ লগাই পংকজ ত্ৰিপাঠী নামৰ এজন যুৱকৰ ঘৰ ভাঙি পেলাই মধ্য প্ৰদেশ চৰকাৰে৷

পংকজে প্ৰেমিকাক ৰাজহুৱাকৈ প্ৰহাৰ কৰি আছিল। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত প্ৰেমিকাক নিৰ্বিচাৰভাৱে মুখত প্ৰহাৰ কৰি থকা দেখা যায়। পেছাত এজন বাছ চালক পংকজৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত মধ্য প্ৰদেশ প্ৰশাসনে এই পদক্ষেপ লয়। পংকজক প্ৰথমতে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত ঘৰটো বুলডজৰ লগাই ভাঙি পেলোৱা হয়৷ মধ্য প্ৰদেশ প্ৰশাসনেও পংকজৰ বাছ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

ঘটনা মধ্য প্ৰদেশৰ ৰেৱা জিলাত সংঘটিত হৈছে। ৰেৱাৰ ডেহৰা গাঁৱৰ বাসিন্দা ২৪ বছৰীয়া পংকজক ১৯ বছৰীয়া প্ৰেমিকাই বিয়াত বহিবলৈ প্ৰস্তাৱ দিছিল। কিন্তু পংকজে মান্তি হোৱা নাছিল৷ ভাইৰেল ভিডিঅ’টোত পংকজে প্ৰেমিকাক প্ৰহাৰ কৰা দেখা গৈছিল। দেওবাৰে পুৱা ভাইৰেল হোৱা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। মধ্য প্ৰদেশ প্ৰশাসনে সন্ধিয়া প্ৰায় ৫.৪৫ বজাত এটা ভিডিঅ’ মুকলি কৰে। মুখ্যমন্ত্ৰী শিৱৰাজৰ কাৰ্যালয়ৰ টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা ভিডিঅ’টোত ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা দেখা গৈছে।

ৰেৱা জিলাৰ মৌগঞ্জ অঞ্চলত এগৰাকী যুৱতীক কৰা বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত অপৰাধী পংকজ ত্ৰিপাঠীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ পাছত ঘৰ বুলডজাৰ লগাই ভাঙি পেলোৱা হয়৷ ড্ৰাইভিং লাইচেন্সো বাতিল কৰা হয়। মধ্য প্ৰদেশৰ মাটিত মহিলাৰ ওপৰত অত্যাচাৰ কৰা সকলৰ বাবে কোনো ক্ষমা কৰা নহ’ব বুলি কয় শিৱৰাজ সিং চৌহানে৷

উত্তৰ প্ৰদেশৰ দৰে বিজেপি শাসিত মধ্য প্ৰদেশত শেহতীয়াকৈ বুলডজাৰ জনপ্ৰিয় হৈ পৰিছে। মধ্য প্ৰদেশ চৰকাৰে কেইবাজনো অপৰাধীৰ ঘৰত বুলডজাৰ চলাই শাস্তি” দিয়া দেখা গৈছে। দেওবাৰৰ ঘটনাৰ পাছত মধ্য প্ৰদেশ চৰকাৰে পংকজৰ ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বুলি কয়।