Local, Vocal, Global

প্ৰখ্যাত নাট্যকৰ্মী দুলাল ৰয়লৈ সংগীত নাটক একাডেমীৰ ‘একাডেমী ৰত্ন’ সন্মান

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: অসমৰ কলা-সংস্কৃতিৰ জগতখনলৈ আগবঢ়াই অহা অনন্য অৱদানৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান সংগীত নাটক একাডেমীৰ।

‘সংগীত নাটক একাদেমী ৰত্ন’ বঁটাৰে সন্মানিত প্ৰথিতযশা নাট্যকৰ্মী দুলাল ৰয়। ২০২২ বৰ্ষৰ সংগীত নাটক একাদেমী বঁটাৰে সন্মানিত কৰুণা বৰা, ড° লক্ষ্যহীৰা দাস, গোবিন্দ শইকীয়া,গুণাকৰ দেৱগোস্বামী আৰু তৰাৱতী বড়ী।

২০২৩ বৰ্ষৰ সংগীত নাটক একাদেমী বঁটাৰে সন্মানিত ভবেন বৰবায়ন।

ইফালে ২০২২ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা সন্মান লাভ মুকুন্দ নাথ, ডিম্পী বৈশ্য, বিনীতা দেৱীৰ। ২০২৩ বৰ্ষৰ বাবে এই বঁটাৰ তালিকাত নাম অন্তৰ্ভুক্ত মেঘৰঞ্জনী মেধি আৰু মুকুন্দ শইকীয়াৰ।