প্লাষ্টিকমুক্ত অসম গঢ়াৰ পথত অসম চৰকাৰ
নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ অসম চৰকাৰে বহনক্ষম উন্নয়ণৰ বাবে এক পৰিকল্পনা প্ৰৱৰ্তন কৰিছে। ইয়াৰ মূল লক্ষ্য হৈছে- প্লাষ্টিক মুক্ত কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আবেদনৰ প্ৰতিসৰণস্বৰূপে বৃহস্পতিবাৰে অসম কেবিনেটে প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলৈ এক ব্যাপক কাৰ্য পৰিকল্পনা আৰম্ভ কৰিছে।
চৰকাৰে বৈজ্ঞানিকভাৱে আৱজৰ্না নিষ্কাষণ কৰি উন্নয়ণৰ বিকল্পভাৱে বিকশিত কৰিব। প্লাষ্টিক বেগ, প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰী আৰু ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক সকলোবোৰ পৰিকল্পনাৰ অধীনত নিষিদ্ধ কৰা হ’ব। ইয়াৰোপৰি অসম চৰকাৰে এক নতুন নীতি ঘোষণা কৰিছে যে, ইয়াৰ অধীনত নিৰ্মাণ আন্তঃগাঁঠনি প্ৰকল্পৰ বাবে বন্য অঞ্চলত গছ কটাৰ বিনিময়ত প্ৰতিটো গছৰ বাবে দহজোপা নতুন গছ ৰোপন কৰা হ’ব।