প্রবীণ অভিনেতা, সমাজকৰ্মী ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ বিয়োগ
গুৱাহাটী, ১৮ ফেব্রুৱাৰী : বজালী জিলাৰ সৰুপেটাৰ বিশিষ্ট নাগৰিক , অভিনেতা সমাজকৰ্মী ,প্রবীণ কংগ্ৰেছ নেতা ফণীন্দ্র কুমাৰ চৌধুৰীৰ কালি নিশা ১০-৩০ বজাত গুৱাহাটীৰ বীৰকুছিৰ বিহগী নগৰত একমাত্ৰ পুত্ৰ সন্তানৰ বাসগৃহত মৃত্যু হয়৷ ১৯৩৭ চনৰ ৭ নৱেম্বৰত জন্ম হোৱা চৌধুৰীৰ মৃত্যুৰ সময়ত ৮৬ বছৰ হৈছিল৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু চোৱা চৌধুৰীয়ে সত্তৰৰ দহকত সৰুপেটাত যাত্ৰা পাৰ্টিৰ অন্যতম জন্ম দাতা আছিল ৷ যাত্ৰা পাৰ্টি স্থাপন কৰি তেওঁ বিভিন্ন এলেকাত নাটক পৰিৱেশনতো আগভাগ লৈছিল৷ এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ লগতো তেওঁ বিভিন্ন ঠাইত নাটক কৰিছিল ৷ কেইবাটাও অপেছাদাৰী নাট্য গোষ্ঠীৰ লগত জৰিত চৌধুৰীয়ে সৰুপেটাত ষাঠিৰ দশকৰ পৰাই নাটকৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিছিল৷ লক্ষনীয় যে তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই তেজপুৰত মহাত্মা গান্ধীৰ সাক্ষাৎ লাভ কৰিছিল৷ গুৱাহাটীৰ পাণ্ডুত অনু্ষ্ঠিত কংগ্ৰেছৰ মহাসভাত সঞ্জয় গান্ধীকো সাক্ষাৎ কৰাৰ অভিজ্ঞতা থকা চৌধুৰীয়ে সৰুপেটাৰ বিভিন্ন অনুষ্ঠান সংস্থাপনতো ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁৰ পিতৃ সোনাৰাম চৌধুৰীয়ে সংস্থাপন কৰা সৰুপেটা হাইস্কুল আৰু খুড়াক ৰজনীকান্ত চৌধুৰীয়ে স্থাপন কৰা সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰো দীৰ্ঘদিন গৱৰ্নিং বোডীৰ সদস্য আছিল৷ সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ তেওঁ প্রতিষ্ঠা বৰ্ষৰ ছাত্ৰ আছিল ৷ সৰুপেটা দুৰ্গা পূজা, ৰঙালী বিহু উদযাপন,হস্তিনাপুৰ সমবায়, সৰুপেটা শ্যামা পূজা, মিলন মন্দিৰ,সৰুপেটা বজাৰ কমিটি আদিৰ লগত দীৰ্ঘদিন ওতপ্রোত ভাৱে জড়িত থকাৰ লগতে সৰুপেটাৰ বিভিন্ন স্থায়ী উন্নয়নমূলক কামত জড়িত থকা চৌধুৰী কৌতুক অভিনেতা হিচাপেই বজালীত বিখ্যাত আছিল ৷ আনহাতে তেওঁ ১৯৫৯ চনত ৰচি টনা পদ্ধতিৰে অনুষ্ঠিত গাওঁ পঞ্চায়তৰ নিৰ্বাচনত জয় লাভ কৰি সামাজিক কামত অধিক মনোযোগ দিছিল ৷ চৌধুৰীয়ে ১৯৬২ চনত আঞ্চলিক পঞ্চায়তৰ অতিৰিক্ত সদস্য, ১৯৬৯ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৭৬ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৯১ চনত সৰুপেটা গাঁও পঞ্চায়তৰ সভাপতি, ১৯৯৬ চনত গাঁও পঞ্চায়তৰ সভাপতি, ২০০২ চনত সৰুপেটা জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল আৰু তৃণমূল পৰ্য্যায়ত জনপ্রিয় নেতা হিচাপে সুখ্যাতি পাইছিল | তদুপৰি তেওঁ কংগ্ৰেছৰ বিভিন্ন দলীয় বিষয়বাবত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল | তেওঁ গোমূৰা আৰু হাঠিনাপুৰ হাইস্কুলৰ গৱৰ্নিং বৰ্ডৰো সভাপতি আছিল ৷ বৃহত্তৰ সৰুপেটাৰ উন্নয়নৰ বাবে ওৰে জীৱন কাম কৰা চৌধুৰী গুৱাহাটীৰ পৃৱ জ্যোতিনগৰ নামঘৰৰ আজীৱন সদস্য আছিল ৷চৌধুৰীৰ মৃত্যুত ভৱানীপুৰ সমষ্টিৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ সৰুপেটাত শোকৰ ছাঁ পৰিছে |চৌধুৰীৰ অন্তেষ্টিক্রিয়া আজি পুৱা ১০ বজাত গুৱাহাটীস্থিত নৱগ্রহ স্মশানত কৰা সম্পন্ন কৰা হয়।