পুৰণি বছৰটোত প্ৰসূতিৰ ফটোশ্বুটৰ নতুন ট্ৰেণ্ড, আঁৰত পাশ্চাত্য সংস্কৃতি

পুৰণি বছৰ সমাপ্ত হৈ আমিবোৰে নতুন বছৰত ভৰি দিবলৈ ওলাইছো৷ পুৰণি বছৰটোত দেশ-বিদেশৰ বহু ফটোৱে চৰ্চা লাভ কৰে৷ ভাৰতীয় অভিনেত্ৰী তথা বিদেশৰ তাৰকাৰ বহু ফটো ভাইৰেল হয়৷ ভাৰতীয় নেটিজেনে যাৰ চৰ্চা কৰে৷
গৰ্ভৱতী অৱস্থাত ভাৰতীয় অভিনেত্ৰীসকলৰ ছবি খুব বেছি চৰ্চা হয়। পশ্চিমৰ তাৰকাৰো বহু ফটো চৰ্চা হয়৷ ইয়াৰ মাজতে পুৰণি বছৰটোত নতুন এক ট্ৰেণ্ড দেখা যায়৷ গৰ্ভৱতী অৱস্থাত কেমেৰাত আৱদ্ধ হোৱাৰ লগতে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ ট্ৰেণ্ড। পুৰণি বছৰটোত প্ৰসূতিৰ ফটোশ্বুটৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা যায়।
কেইগৰাকী অভিনেত্ৰীয়ে প্ৰসূতি অৱস্থাৰ ফটোশ্বুট কৰিছিল। ছবিবোৰ ভাইৰেল হয়৷ সেইবোৰৰ বিষয়ে যথেষ্ট চৰ্চা হয়৷ পশ্চিমীয়া সংস্কৃতি বুলি যাক গণ্য কৰা হয়! এনে পদক্ষেপৰ আঁৰত পাশ্চাত্যৰ সংস্কৃতি৷
মডেল আৰু অভিনেত্ৰী ৰিহানাই ১৩ মে’ত এটা সন্তান জন্ম দিছিল। গৰ্ভৱতী অৱস্থাত ৰিহানাই ফটোশ্বুট কৰিছিল৷ গৰ্ভৱতী মাতৃৰ পোছাকত ৰিহানা দেখা গৈছিল! বলিউদৰ অভনেত্ৰী কৰীণাই গৰ্ভৱতী অৱস্থাত অনুৰাগীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল! কিন্তু কেইবছৰমানৰ আগৰ৷ অৱশ্যে ২০২২ চনত অভিনেত্ৰীসকলক যথেষ্ট অমাৰ্জিত পোছাকত দেখা গৈছিল। অভিনেত্ৰী সোনম কাপুৰৰ মাতৃ হোৱাৰ পূৰ্বে ফটোশ্বুট কৰিছিল। গৰ্ভৱতী অৱস্থাত সোনম একাধিকবাৰ ফটো শ্বেয়াৰ কৰিছে।
অভিনেত্ৰী বিপাশা বসুয়েও এনে ফটো শ্বেয়াৰ কৰে। ক’লা নেট গাউন পিন্ধি ফটো শ্বেয়াৰ কৰে বিপাশাই। ৪৩ বছৰ বয়সত মাতৃ হোৱা স্বত্বেও ফটো শ্বেয়াৰ কৰে৷
দেবিনা বেনাৰ্জীয়ে একেই কাম কৰিছিল। মাতৃত্বৰ সময়ত একাধিকবাৰ খোলা কাপোৰত ফটো শ্বেয়াৰ কৰিছিল। ২০২২ত বলিউদৰ মাতৃ হোৱা অভিনেত্ৰীয়ে এনে ফটো শ্বেয়াৰ কৰি সমালোচিত হৈছে যদিও একাংশ লোকে সাহসিক কাম বুলি কয়৷ সোনম, বিপাশা, দেৱিনাই মাতৃ হোৱাৰ সময়ছোৱা কেমেৰাত আৱদ্ধ কৰি ৰাখে৷