পুনৰ মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা
নিউজ ডেস্ক,৭ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ। কালাপাহাৰ গোপীনাথ নগৰৰ ৬০ৰ উৰ্ধৰ অনু হাজৰিকা নামৰ মহিলাগৰাকীক হত্যা কৰা হৈছে বুলি সন্দেহ স্থানীয় লোকৰ। অনু হাজৰিকা তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী আছিল।
নিশাৰ ভাগত কোনো দুৰ্বত্তই ঘৰৰ আচবাব ভাঙি ধন সোণ লুটি নিয়াৰ লগতে চি চি টিভি কেমেৰাও ভাঙি হত্যা কৰে মহিলাগৰাকীক।
ঘটনাৰ এই খবৰ পোৱাৰ পিছতেই উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । কিন্তু বৰ্তমানলকৈ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত কোনো শুংসূত্ৰ পোৱা নাই।