পুনৰ জে’ললৈ লালু প্ৰসাদ যাদৱ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : পশুখাদ্য কেলেংকাৰিৰ গোচৰত ৫ বছৰৰ বাবে কাৰাদণ্ড লালু প্ৰসাদ যাদৱৰ । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰিৰ আটাইতকৈ ডাঙৰ ডোৰাণ্ডা ট্ৰেজাৰী গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। থিক একে সময়তে, তেওঁৰ ওপৰত ৬০ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। সোমবাৰে প্ৰায় ১.৫৮ বজাত শাস্তি ঘোষণা কৰা হৈছিল লালু প্ৰসাদৰ বিৰুদ্ধে । লালু যাদৱৰ উপৰিও পশুখাদ্য কেলেংকাৰিৰ গোচৰত আন ৩৭ জন দোষীকো দোষী সাব্যস্ত কৰা হৈছে।

উল্লেখ্য যে, ১৯৯০ৰ পৰা ১৯৯৫ চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰি। এই গোচৰটোত মুঠ ১৭০জন অভিযুক্ত আছিল যদিও ৫৫জনৰ মৃত্যু হোৱাত এতিয়া ৯৯ জন অভিযুক্ত আছে। লালু প্ৰসাদ যাদৱক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান হৈছে । ৰাঁচীৰ CBI ৰ বিশেষ আদালতৰ এই ঘোষণা।