পিতৃ-মাতৃক সুখত ৰাখিবলৈ তামিলনাডুত কাম কৰিবলৈ যোৱা ছাকিমুদ্দিন ঘূৰি আহিব মৃতদেহ হৈ

দৰিদ্ৰ ঘৰৰ সন্তান ছাকিমুদ্দিনে কৰ্ম সূত্ৰে গৈছিল তামিলনাডুলৈ। ঘৰ চলাবলৈ পিতৃৰ হাতত নাছিল কাম। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ঘৰ-বাৰী হেৰুৱাই উপাৰ্জন কৰিবলৈ তামিলনাডুলৈ গৈছিল ছাকিমুদ্দিনে। কিন্তু নিষ্ঠুৰ নিয়তিয়ে শেষ কৰি দিলে তেওঁৰ সপোন। হঠাৎ অসুস্থ হৈ পৰাত লগৰ বন্ধুসকলে ততাতৈয়াকৈ লৈ গৈছিল চিকিৎসালয়লৈ৷ কিন্তু যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে ছাকিমুদ্দিনে। এতিয়া পৰিয়ালৰ সামৰ্থ নাই পুত্ৰৰ মৃতদেহ ঘৰলৈ আনিবলৈ। মৃতদেহ ঘৰলৈ আনিবলৈ এতিয়া প্ৰয়োজন লক্ষাধিক টকাৰ। লৰাজনৰ পৰিয়ালৰ লগতে তামিলনাডুত থকা বন্ধুসকলে চৰকাৰ তথা স্থানীয় বিধায়ক আচিফ মহম্মদ নাজাৰৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। কোনো লোকে যদি আৰ্থিক সাহায় আগবঢ়াব বিচাৰে তেন্তে Phonepe নম্বৰ 9365218590ত আপোনাৰ সামৰ্থ অনুযায়ী সহায় কৰিব পাৰে৷