Local, Vocal, Global

ধান চপোৱা-মৰণামৰা যন্ত্ৰৰ প্ৰদৰ্শন কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ

গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰই আজি শালিধান চপোৱা আৰু মৰণামৰা যন্ত্ৰৰ প্ৰদৰ্শন কৰে। গ্ৰেণ্ড হাৰভেষ্টিং ডেৰ সৈতে সংগতি ৰাখি অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ (APART) অধীনত আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ (আই.আৰ.আৰ.আই) সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য উইলছন হাছদাই৷

কে.ভি.কেৰ বিজ্ঞানী গৌতম ভাগৱতীয়ে আতধৰা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা কে.ভি.কেৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড০ সুনীল কুমাৰ পালে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদা, মহকুমাধিপতি অৰণ্যক শইকীয়া, এছ.এছ.বিৰ কমাণ্ডাৰ চিৰঞ্জীৱ ভট্টাচাৰ্জী, কৃষি বিষয়া বিনোদ বসুমতাৰীয়ে খেতিপথাৰত অত্যাধুনিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ সলনি জৈৱিক পদ্ধতি প্ৰয়োগ কৰিবলৈ খেতিয়কসকলক আহ্বান জনায়৷

অনুষ্ঠানত কে.ভি.কেৰ বিজ্ঞানী পৰ্ণা শৰ্মা, পূজা বসুমতাৰী, ড০ এম ইছলাম, এপাৰ্টৰ প্ৰকল্প সহায়ক সুনীল পাটৰ, সহকাৰী প্ৰকল্প বিজ্ঞানী নাৰ্জিনা পাৰ্বিন, নাছৰিন হুছেইন, এপাৰ্টৰ বিষয়া মৃগাংক কলিতা, গোপাল চন্দ্ৰ ৰায়সহ কেভিকে আৰু এপাৰ্টৰ কেবাগৰাকী বিষয়া-কৰ্মচাৰি আৰু ডেৰ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে৷